Assam - Lockdown Again, All Notice From Government

0

Assam - Lockdown Again, All Notice From Government

Also Read

Assam - Lockdown Again, All Notice From Government


ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ : গুৱাহাটীত পুনৰ সম্পূৰ্ণ লকডাউন




গুৱাহাটীত অহা দেওবাৰৰ নিশা ১২ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ হ’ব  সম্পূৰ্ণ লকডাউন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘অত্যন্ত অনিশ্চাস্বত্তেও সোমবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেওবাৰে নিশা ১২ বজাৰ পৰাই এই লকডাউন প্ৰযোজ্য হ’ব‘, মন্ত্ৰীগৰাকীয়ে সংবাদমেলত এইদৰে কয়।

২৯ জুনৰ পৰা ১৪ দিনলৈ গুৱাহাটীত লকডাউন । ১২ জুলাইলৈ থাকিব এই লকডাউন।আনহাতে আজিৰ পৰা সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন ঘোষণা।আজি সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ ৰাজ্যজুৰি কঠোৰ ভাবে সান্ধ্য আইন বলবৎ হ’ব।সন্ধিয়া ৫.৩০ ত দোকান সমূহ বন্ধ কৰা  আহ্বান 

সন্ধ্যা প্ৰায় ৫ বজাতেই সকলো দোকান-পোহাৰ বন্ধ কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২৯ জুনৰ পৰা ১৪ দিনলৈ গুৱাহাটীত লকডাউন।প্ৰথম ৭ দিন কঠোৰ ভাৱে বলৱৎ কৰা হ'ব এই লকডাউন।শাক-পাচিল, মাছ-মাংসকে ধৰি একোৱে খুলিব নোৱাৰিব মহানগৰত।মঠ-মন্দিৰ-গীৰ্জা সকলো গুৱাহাটী মহানগৰত বন্ধ থাকিব।গুৱাহাটীত খোলা নাথাকিব শাক-পাচলি, গেলামালৰ দোকান।কেৱল খোলা থাকিব ফাৰ্মাচী, হস্পাতাল।কোনো ৰাজহুৱা যান-বাহন চলাচল কৰিব নোৱাৰিব।ব্যক্তিগত বাহনো চলাব নোৱাৰিব।বন্ধ থাকিব সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়।বানপানীৰ সৈতে জড়িত যান-বাহন চলাচল কৰিব পাৰিব।কোনো লোকক দিয়া নহ’ব যান-বাহন চলাচলৰ বাবে পাছ।অতি কম সংখ্যাক কৰ্মচাৰীৰে অব্যাহত থাকিব বেংকৰ কাম-কাজ।লকডাউনৰ সময়ত বাহিৰৰ পৰা মানুহ আহিব পাৰিব কিন্তু গুৱাহাটীত থাকিব নোৱাৰিব৷গুৱাহাটীৰ মানুহ হ'লে কোৱাৰিণ্টাইন হ'ব লাগিব।উল্লেখযোগ্য যে, বিদ্যুত, খোৱাপানী, গাখীৰ, সংবাদ মাধ্যমৰ দৰে সেৱা এই সময়খিনিত অব্যাহত থাকিব।


Government Order Official -






News Head Line Links -


1 - Click Here | 2 - Click Here


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.